Tuesday 19 February 2019

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব?

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব?
ইলেকচন কমিছন অফ ইণ্ডিয়াই ১৮ বছৰ বয়সৰ ওপৰৰ সকলো ভাৰতীয়ৰ  বাবে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে অনলাইন আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে। ভাৰতীয় নাগৰিক সকলে নেচনেল ভোটাৰ্চ চাৰ্ভিচ পোৰ্টেল(https://www.nvsp.in)ৰ প্ৰ-পত্ৰ-৬ যোগে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে আবেদন কৰিব পাৰিব। অনলাইন আবেদন পত্ৰ জমা দিয়াৰ পিছত এটি অন্তৰ্ভূক্তিকৰণ নম্বৰ পাব আৰু সেই নম্বৰটোৰ জৰিয়তে উপৰোক্ত পোৰ্টেলত অনলাইন আবেদনৰ স্থিতি সম্পৰ্কে জানিব পাৰিব।

আপোনাৰ ভোটৰ পৰিচয় পত্ৰ বা আপোনাৰ ভোটাৰ স্থিতি কেনেকৈ জানিব?
https://electoralsearch.in ৰ জৰিয়তে আপুনি ভোটদান কৰাৰ বাবে যোগ্য হয় নে, নহয়? আপোনাৰ ভোটৰ পৰিচয় পত্ৰখন বৈধ বা শুদ্ধ হয় নে, নহয়? আৰু ভোটাৰ তালিকাত আপোনাৰ নাম সন্নিবিষ্ট হৈছে নে, নাই?   জানিব পাৰিব। যদি এই পোৰ্টেলত আপোনাৰ নাম আছে তেনেহ’লে আপুনি ভোটদান কৰাৰ বাবে যোগ্য; অন্যথা আপুনি https://www.nvsp.in পোৰ্টেলত প্ৰ-পত্ৰ-৬ যোগে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে আবেদন কৰিব লাগিব। এই প্ৰ-পত্ৰ-৬ খন প্ৰথম বাৰৰ বাবে ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিব বিচৰা সকলৰ লগতে এটা সমষ্টিৰ পৰা অন্য সমষ্টিলৈ ভোটদান কেন্দ্ৰৰ স্থান পৰিবৰ্তন কৰিব খোজা ভোটাৰ সকলেও ব্যৱহাৰ কৰিব পাৰে।

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে যোগ্যতাঃ
•    বৈধ ভাৰতীয় নাগৰিক হব লাগিব।
•    ১৮ বছৰ বয়স পূৰ্ণ কৰিব লাগিব (ভোটাৰ তালিকা সংষ্কৰণ বছৰৰ ১ম জানুৱাৰীত)।
•    যিটো সমষ্টিৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিব বিচাৰিছে সেই সমষ্টিৰ খণ্ড/ ভোট গ্ৰহণ কেন্দ্ৰৰ অন্তৰ্গত স্থানৰ বাসিন্দা হব  লাগিব।
•    ভোট দান কৰিবলৈ সক্ষম হব লাগিব।
উপৰোক্ত যোগ্যতা থকা ব্যক্তি সকলেহে https://www.nvsp.in পোৰ্টেলৰ জৰিয়তে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্তি কৰিবৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

No comments:

Post a Comment

Note: only a member of this blog may post a comment.